পৰিৱৰ্তনৰ দিনলিপি (খণ্ড ১)


গ্ৰীক দাৰ্শনিক হেৰাক্লিটাছে কৈছিল 
জীৱনৰ একমাত্ৰ অপৰিৱৰ্তনী সত্যটো হৈছে পৰিৱৰ্তন

    কথাষাৰ সত্য। আমাৰ চাৰিওকাষৰ সকলো বস্তুৱেই নিৰন্তৰ কম বেছি পৰিমানে সলনি হৈ থাকে। কিন্তু তাৰ অনুভৱ সময়ৰ কিছু ব্যৱধানৰ অন্ততহে হয়। নব্বৈৰ দশকৰ আৰম্ভণিতে জন্মলাভ কৰা মোৰ প্ৰজন্মটোৱে পৃথিৱীৰ এই পৰিবৰ্তন চকুৰ আগতে দেখিছোঁ বুলি ক'লেও বঢ়াই কোৱা নহয়। কিয়নো আমি ডাঙৰ হৈ অহাৰ সমানে সমানে নিত্য নতুন উদ্ভাৱনে ভুমুকি মাৰি আহিছে। আজিৰ পৃথিৱীত taken for granted বুলি লোৱা বেছিভাগ বস্তুৰে আমাৰ শৈশৱত কোনো অস্তিত্বই নাছিল।

    আমি বাঁহৰ আগত বান্ধি দিয়া এণ্টেনাৰ মাধ্যমেৰে Black & White টিভিত মাত্ৰ এটা চেনেলেৰে টিভি চাবলৈ আৰম্ভ কৰি আজিৰ OTT প্লেটফৰ্মলৈকে দেখিছোঁ। আমি ওচৰ চুবুৰীয়াৰ ঘৰৰ লেণ্ডলাইন ফোনৰ পৰা পইচা দি কল কৰাৰ পৰা আৰম্ভ কৰি, 2g ইণ্টাৰনেটত এৰাতিত এটা mp3 গান ডাউনলোড কৰি আহি আজিৰ 4g LTE লৈকে ব্যৱহাৰ কৰি পাইছোঁ। আমি দিনত দুবাৰেই অহা যোৱা কৰা চৰকাৰী বাছত যাত্ৰা কৰাৰ পৰা আজিৰ ola/uber ত যাত্ৰা কৰালৈকে কৰি পাইছোঁ।

    আজিৰ প্ৰজন্মই উপজাৰে পৰা লাভ কৰা বিভিন্ন সা-সুবিধা আৰু আহিলাবোৰ আমাৰ শৈশৱ-কৈশোৰত উদ্ভাৱনেই হোৱা নাছিল।  আমি আমাৰ জীৱনত এতিয়ালৈকে যিমানবোৰ দ্ৰুত  পৰিৱৰ্তন দেখিলোঁ সেইবোৰলৈ মনত পেলালে অনুভৱ হয় যে আমি পাৰ কৰি আহা সেই দিনবোৰ কোনো আকৰ্ষণীয় কথা-কাহিনীতকৈ কম নহয়।

    মই মোৰ শৈশৱৰে পৰা আৰম্ভ কৰি এতিয়ালৈকে অনুভৱ কৰা পৰিৱৰ্তনবোৰৰ কথা 'পৰিৱৰ্তনৰ দিনলিপি' নামেৰে লিখিব খুজিছোঁ।  মই জানো যে এয়া মোৰ ব্যক্তিগত কাহিনীয়েই নহয়। মোৰ প্ৰজন্মৰ অনেকেই এই কাহিনীৰ মাজত নিজৰ অনুভৱৰ ৰেঙনি পাব। 

( ক্ৰমশঃ )



Post a Comment

0 Comments