মুক্ত চিন্তা, মুক্ত ইচ্ছা আৰু ইন্টাৰনেট

 

Free Will Free Choice Dilemma
হিটলাৰৰ নাজী দলে জাৰ্মান সংস্কৃতি আৰু সভ্যতাৰ ভিতৰৰ পৰা ভয়াৱহ ক্ষতি কৰিছিল৷ কেনেকৈ ? এহাতে জাৰ্মান জাতিৰ মাজত আৰ্য জাত্যাভিমানৰ বিহ সিঁচি দিছিল আনহাতে ইহুদি, শ্লাভ আৰু অন্যান্য জাতিবোৰৰ বিষয়ে বিয়পাই দিছিল তীব্ৰ সাম্প্ৰদায়িক হলাহল৷ এই পন্থাৰেই জাৰ্মান জাতিক অসত্য ভাষ্য আৰু ৰাজনৈতিক প্ৰচাৰেৰে সন্মোহিত কৰি নাজীসকল গণতান্ত্ৰিকভাৱেই ক্ষমতালৈ আহিছিল৷ নাজী প্ৰপাগাণ্ডাৰ ভাষাত প্ৰতিটো শব্দই আছিল নিৰ্বাচিত৷ প্ৰচাৰৰ খুন্দাই মানুহৰ যুক্তিবাদী বিশ্লেষণাত্মক মনটো কেৱল হেঁচা মাৰি ধৰাই নহয়, সাম্প্ৰদায়িক ৰাজনীতিৰ প্ৰচাৰে মানুহক ঘৃণা আৰু সাম্প্ৰদায়িকতাৰে উন্মত্ত কৰি পেলাইছিল৷ যাৰ ফলত জাৰ্মানসকল মানুহৰ ইতিহাসৰ বৃহত্তম নৰমেধ যজ্ঞত অকাতৰে চামিল হৈ পৰিছিল -- আৰু ৬০ লাখ ! ষাঠি লাখ নিৰপৰাধী মানুহক কীট-পতংগৰ দৰে অকাতৰে হত্যা কৰাৰ, কৰিব পৰাৰ মানসিকতা গঢ় লৈ উঠিছিল৷ হলকাষ্ট - ইহুদি নিধন যাক কয়, তেনে মানসিকতা গঢ়ি তুলিব পাৰে কেৱল এক একনায়কত্ববাদী আদৰ্শত বিশ্বাস কৰা সাম্প্ৰদায়িকতাবাদী দল-সংগঠনে৷ —— ড° ধ্ৰুৱজ্যোতি বৰা ( 'অসমীয়া প্ৰতিদিন' — ৭ নৱেম্বৰ, ২০২০ )

        আজিৰপৰা সাত-আঠ দশকৰ আগতে মানুহৰ মাজৰ যোগযোগ ব্যৱস্থা তেনেই সীমিত আছিল৷ প্ৰত্যক্ষ বক্তৃতা, প্ৰচাৰ পত্ৰিকা আৰু বাতৰি কাকত বা ৰেডিঅ', এইসমূহ ব্যৱস্থাৰ মাজেৰেই তেতিয়াৰ মানৱসমাজত বা-বাতৰি প্ৰচাৰিত হৈছিল, সমাজ একত্ৰিত হৈছিল, সমাজত নতুন চিন্তাধাৰাৰ প্ৰচাৰ আৰু প্ৰসাৰ হৈছিল৷ কিন্তু এই আটাইবোৰ ব্যৱস্থাই আজিৰ তুলনাত আছিল অতি লেহেমিয়া আৰু বৰ কম লোককহে এইবোৰ মাধ্যমেৰে প্ৰভাৱিত কৰিব পৰা গৈছিল৷ তথাপিও, তেতিয়াৰ ৰাজনৈতিক নেতৃত্বই হ'ল'কাষ্টৰ দ্বৰে এক কাৰ্য, যি কাৰ্য এক বুজনসংখ্যক মানুহৰ সমৰ্থন আৰু যোগদানেৰেহে সম্ভৱ হৈছিল, পৰিচালনা কৰিবলৈ সক্ষম হৈছিল৷ সেয়া সম্ভৱ হৈছিল এটা জাতিৰ মন আন এটা জাতিৰ প্ৰতি ঘৃণাৰে ভৰাই তুলি৷ জনসাধাৰণৰ মনস্তত্ৱৰ ওপৰত এই স্তৰৰ প্ৰভাৱ বিস্তাৰ ইতিহাসৰ এক বিৰল উদাহৰণ৷

  সেই সময়ৰ তুলনাত বৰ্তমান যোগাযোগ ব্যৱস্থাৰ আমূল পৰিৱৰ্তন ঘটিল৷ ইন্টাৰনেট আৰু ডিজিটেল সামাজিক মাধ্যমবোৰৰ অৰিহনাত আজিৰ মানুহ প্ৰতিমুহূৰ্ততে সমগ্ৰ পৃথিৱীৰ লগত সংযোজিত হৈ থকা হ'ল৷ ডাঁৰৰ বাতৰি ডাঁৰে পাই থকা হ'ল৷ আপাত দৃষ্টিত এই ব্যৱস্থা হ'ব লাগিছিল মানৱ সমাজৰ বাবে আশীৰ্বাদ, মানুহৰ মাজৰ ভেদাভেদ আতৰাই সমতা স্থাপন কৰা এক আহিলা৷ কিন্তু বৰ্তমান ইন্টাৰনেটৰ মানৱ সমাজৰ বাবে এক অভিশাপ হৈ পৰিছে৷ এনে হোৱাৰ কাৰণ ইয়াৰ ভুল ব্যৱহাৰ আৰু জনসাধাৰণৰ মাজত সজাগতাৰ অভাৱ৷ ইন্টাৰনেটৰ ব্যাপক ব্যৱহাৰ কৰি আমি ভাৱিছো যে অতি সহজে লাভ কৰা অসীম তথ্য ভাণ্ডাৰে আমাক অধিক জ্ঞানী আৰু স্ৱাধীন কৰি তুলিছে৷ আমি অধিক মুক্ত চিন্তা কৰিব পাৰিছো আৰু আমাৰ মুক্তইচ্ছা (Free Will) অধিক শক্তিশালী হৈছে৷ এয়া এটা ডাঙৰ ভ্ৰম মাত্ৰ৷ আজিৰ জনসাধাৰণক ইন্টাৰনেটৰ মাধ্যমেৰে যি ধৰণে প্ৰভাৱিত (Manipulate) কৰা হৈছে সেয়ে ইতিহাসত কেতিয়াও সম্ভৱ হোৱা নাছিল৷  প্ৰভাৱ বিস্তাৰৰ (Manipulation) বাবে যিবোৰ কাৰচাজি কৰা হয় তাৰ বাবে আটাইতকৈ কাৰ্যকৰী আহিলাবোৰ হৈছে ইন্টানেটৰ মাধ্যমত উপলব্ধ বিভিন্ন ফটো আৰু ভিডিঅ'বোৰ ৷ যদিহে প্ৰভাৱ বিস্তাৰ সাধাৰণ বিষয়ৰ স্ৱাৰ্থত কৰা হয় যেনে, কোনো এবিধ সামগ্ৰী অনলাইন ক্ৰয় কৰিবলৈ গ্ৰাহকক উৎসাহিত কৰা, তেন্তে সি বিশেষ ক্ষতিকাৰক নহয়৷ কিন্তু, যদিহে গুৰুত্বপূৰ্ণ বিষয় যেনে নিৰ্বাচন, আইন প্ৰণয়ণ আদিৰ ক্ষেত্ৰত জনমানসক প্ৰভাৱিত কৰি কোনো এক বিশেষ দলক বা ব্যক্তিবিশেষক লাভবান কৰিবলৈ যত্ন কৰা হয়, তেন্তে ই এখন দেশ বা এটা জাতিৰ বাবে খুবেই চিন্তাৰ বিষয়৷

বৰ্তমান ইন্টাৰনেট অনেক মিছা-ভুৱা তথ্যৰে ভৰি পৰিছে৷ সাধাৰনলোকে অনলাইনত পোৱা যিকোনো তথ্যকেই সঁচা-মিছাৰ বিচাৰ  নকৰাকৈয়ে শ্বেয়াক কৰে৷ এনে কৰাৰ ফলত সাধাৰণ এটা উৰাবাতৰিয়েই সাম্প্ৰদায়িক সংঘৰ্ষৰো কাৰক হৈ পৰিব পাৰে৷ সেয়ে জনসাধাৰণে যিকোনো তথ্য শ্বেয়াৰ কৰাৰ আগতে তাৰ সত্যাসত্য বিছাৰ কৰি চোৱাটো বাঞ্চনীয়৷ ভাৰতত বিভিন্ন অনলাইন মাধ্যমসমূহৰ নিয়ন্ত্ৰনৰ বাবে কোনো আইন নাছিল৷ সকাহৰ কথা যে চৰকাৰে আইন প্ৰণয়নৰ যোগেৰে অনলাইন মাধ্যমসমূহ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ আওতালৈ অনাৰ ব্যৱস্থা কৰিছে৷ ইয়াৰ ফলত ভুৱা তথ্য আৰু উৰাবাতৰি আদিৰ ওপৰত কিছু লেকাম লগাব পৰা যাব ৷

        ঋণাত্মক উপাদান থকা সত্বেও এই কথা নিশ্চিত যে সঠিকভাৱে ব্যৱহাৰ কৰিলে ইন্টাৰনেট মানৱ জাতিৰ বাবে আটাইতকৈ উপকাৰী আহিলা/ব্যৱস্থা হ'ব পাৰে৷ কিন্তু তাৰ বাবে ইয়াত অপব্যৱহাৰ ৰোধ কৰাটো প্ৰয়োজনীয়, আৰু এয়া সম্ভৱ মানুহৰ মাজত ব্যাপক সজাগতা সৃষ্টিৰ যোগেদি৷ সকলো ইন্টাৰনেট ব্যৱহাৰকাৰীয়েই এই বিষয়ত সচেতন হ'ব লাগিব যাতে কোনো উদ্দেশ্যপ্ৰণোদিত, ভুৱা বাতৰিয়ে জনমানসক ন্যস্তস্ৱাৰ্থত প্ৰভাৱিত কৰিব নোৱাৰে৷ এই সচেনতা আমি প্ৰাথমিক স্তৰৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পৰাই সৃষ্টি কৰিব লাগিব৷ কাৰণ শৈশৱতে এজন শিশুৰ মনত কিবা কথাই ক্ৰিয়া কৰিলে সেই স্মৃতি আজীৱন মনত ৰৈ যায়৷ সেয়েহে কুমলীয়া বয়সতে আমি সিহঁতক ইন্টাৰনেটৰ ভাল-বেয়াবোৰ চিনাক্ত কৰিবলৈ শিকাব লাগে যাতে ভৱিষ্যতে এই প্ৰজন্ম সকলোবোৰ অপশক্তিৰ প্ৰভাৱৰপৰা মুক্ত হয় আৰু প্ৰকৃততেই মুক্ত চিন্তাৰ গৰাকী হৈ সমাজৰ একোজন সুনাগৰিক হব পাৰে৷

Post a Comment

0 Comments